স্থাপিত: ১৯১৫ চন
তেজপুৰক গৰিমামণ্ডিত কৰি ৰখা বহু অনুষ্ঠান প্রতিষ্ঠানৰ ভিতৰত অনন্য কৰ্মৰাজিৰে অসমীয়া ক্লাব অন্যতম । অসমীয়া লোকৰ অৱসৰ বিনোদনৰ বাবে ১৯১৫ চনৰ ১৫ এপ্ৰিল (১ ব’হাগ)ত অসমীয়া ক্লাব প্ৰতিষ্ঠা হয় । সেই সময়ৰ তেজপুৰৰ কিছুস্ংখ্যক স্বনামধন্য লোকৰ উদ্যোগত আৰু সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহঞি বৰুৱাৰ নেতৃত্বত। পদ্মনাথ গোহঞি বৰুৱা অসমীয়া ক্লাবৰ প্রতিষ্ঠাপক সম্পাদক আছিল। তেজপুৰ চহৰৰ সৌন্দৰ্য্যৰ আকৰ পদুম পুখুৰীৰ পৰা অলপ আগলৈ ৰাজ্যিক পৰিবহন নিগমৰ বাছ অস্থান পোৱাৰ আগেয়ে বাওঁফালে দেখা যায় এটি পুৰণি অসম আৰ্হিৰ ঘৰ, সেয়াই 'অসমীয়া ক্লাব'। অৱসৰ বিনোদনৰ থলি হিচাবে স্থাপিত এই ক্লাবৰ সদস্যসকলে ক্লাবত মিলিত হৈ সামাজিক চিন্তা-চৰ্চ্চা, সাহিত্য, কলা-সংস্কৃতিৰ আলোচনা বিলোচনা কৰিছিল । তাৰ উপৰিও কেৰম, পাশা, ডবা-খেল, তাচপাত শৰীৰ চৰ্চ্চা আদিত ভাগ লৈছিল । এইবোৰৰ উপৰিও প্ৰতি শনিবাৰে কবিতা-আবৃত্তি আৰু সংগীত চৰ্চ্চাৰো ব্যৱস্থা কৰা হৈছিল । এশ দুবছৰীয়া ইতিহাস বুকুত বান্ধি লৈ অসমীয়া ক্লাবে সগৌৰৱৰে তেজপুৰৰ সামাজিক, সাংস্কৃতিক জীৱনত অনবদ্য অৰিহনা যোগাই আহিছে । তেজপুৰৰ সমাজ জীৱনত বৌদ্ধিক উত্তৰণ ঘটোৱা, চিন্তা উদ্ৰেককাৰী বছা বছা মননশীল কৰ্মৰাজিৰে অসমীয়া ক্লাব এতিয়া ইৰ্ষণীয় স্থানত । জন্মলগ্নৰে পৰা থকা শৰীৰ চৰ্চ্চা কেন্দ্ৰৰ লগতে আজি কেইবছৰমান আগতেই ২০১৪ চনৰ ১৯ জানুৱাৰীত 'অসমীয়া ক্লাব' ৰ লগত সংযোজন কৰা হৈছে 'তেজপুৰ চলচিত্ৰ মঞ্চ' ।
অসমীয়া ক্লাব তেজপুৰৰ এক ব্যতিক্ৰমী অগ্ৰনী সামাজিক, সাংস্কৃতিক অনুষ্ঠান । অসমীয়া লোকৰ অৱসৰ বিনোদনৰ বাবে ১৯১৫ চনৰ ১৫ এপ্ৰিল (১ ব'হাগ)ত অসমীয়া ক্লাব প্ৰতিষ্ঠা হয় । তেজপুৰক গৰিমামন্দিত কৰি ৰখা বহু অনুষ্ঠান প্রতিষ্ঠানৰ ভিতৰত অনন্য কৰ্মৰাজিৰে অসমীয়া ক্লাব অন্যতম । তেজপুৰৰ কিছুস্ংখ্যক স্বনামধন্য লোকৰ উদ্যোগত আৰু সাহিত্যকান্দাৰী পদ্মনাথ গোহঞি বৰুৱাৰ নেতৃত্বত অসমীয়া ক্লাব প্ৰতিষ্ঠা হয় । অসমীয়া ক্লাবৰ প্রতিষ্ঠাপক সভাপতি আছিল হৰিবিলাস আগৰৱালা, প্রতিষ্ঠাপক সম্পাদক আছিল পদ্মনাথ গোহঞি বৰুৱা আৰু প্রতিষ্ঠাপক মুখ্য পৃষ্ঠপোষক আছিল যোগেন্দ্ৰনাথ বৰুৱা । অসমীয়া ভষা-সাহিত্য আৰু সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ – তেজপুৰত ১৯১৫ চনৰ ১৫ এপ্ৰিল (১ ব'হাগ) ত অসমীয়া ক্লাব প্ৰতিষ্ঠা হোৱাৰ আগতেই আন কেইটামান অনুষ্ঠান তেজপুৰত প্ৰতিষ্ঠা হৈছিল । ১৮৯০ চনৰ ২৩ নবেম্বৰ তাৰিখে লম্বোদৰ বৰাদেৱে তেখেতৰ কলিবাৰীৰ বাসগৃহত অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা কৰে । সেই অনুষ্ঠানৰ এখন সাধৰণ সভাত সভাপতি স্বৰ্গীয় ৰায় চাহাব ভবানী চৰণ ভট্টাচাৰ্যৰ সভাপতিত্বত সভাৰ নামঘৰ আৰু থিয়েটাৰ ষ্টেজ নিৰ্মাণৰ বাবে এখন সমিতি গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি এখন চম্ভালন সমিতি গঠনৰ কাম আৰম্ভ কৰা হয় । কিন্তু তেজপুৰৰ স্থানীয় ব্যক্তিসকলক (তেজপুৰীয়া) আৰু অইন ঠাইৰ পৰা আহি তেজপুৰত বাস কৰা ব্যক্তিসকলক (নন্-তেজপুৰীয়া) কেনেদৰে সমিতিৰ সভ্য নিৰ্বাচন কৰা হব সেই লৈ এক অবাঞ্চনীয় পৰিস্থিতিৰ উদ্ভৱ হয় । এই অচলাৱস্থা আঁতৰ কৰা উদ্দেশ্যৰে পদ্মনাথ গোহাঞি বৰুৱা ডাঙৰীয়াই অসমীয়া মানুহৰ অৱসৰ বিনোদনৰ বাবে এখন সন্ধিয়া সন্মিলনী প্ৰতিষ্ঠা কৰে ৷ এই সন্ধিয়া সন্মিলনী পাছলৈ অসমীয়া ক্লাব নামেৰে নামাকৰণ কৰা হয় ৷
আমাৰ পৰৱৰ্তী কাৰ্য্যসূচীসমূহ এই তালিকাত উপলব্ধ হ'ব
সময়:
অসমীয়া ক্লাব প্ৰেক্ষাগৃহ
অসমীয়া ক্লাবৰ ঐতিহাসিক মুহূৰ্তবোৰ
আমাৰ লগত যোগাযোগ কৰক
সভাপতি: ৯১২৭০১৬৩৩২
সম্পাদক: ৯৪৩৫২৭৮২৯৮
অসমীয়া ক্লাব
লেক ৰোড
(ৰাজ্যিক পৰিবহন নিগমৰ সন্মুখত)
তেজপুৰ, শোণিতপুৰ
অসম - ৭৮৪০০১