অসমীয়া ক্লাব

সাম্প্ৰতিক কাৰ্য্যকলাপ / অনুষ্ঠানসমূহ

Literary Meet

অসমীয়া ক্লাব,তেজপুৰৰ আন্তৰ্জাতিক নাৰী দিৱস ২০২৬ উদযাপন

৮ মাৰ্চ, ২০২৬

শতায়ু গৰকা তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবে বিগত বছৰ সমূহৰ দৰে ,এইবেলিও ৮ মাৰ্চ-২০২৬ ৰ দেওবাৰৰ দিনা বিয়লিবেলা ঠিক ৪:৩০ বজাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱসটি উদযাপন কৰে ৷

আগলৈ পঢ়ক
Literary Meet

অসমীয়া ক্লাবৰ ঐতিহ্য ভৱনৰ পুনৰোন্মোচন আৰু স্থানান্তৰিত শতাব্দী স্তম্ভ উন্মোচন

১৪ জানুৱাৰী, ২০২৬

সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ অহোপুৰুষাৰ্থ আৰু হৰিবিলাস আগৰৱালা, ভবানীচৰণ ভট্টাচাৰ্য, বেথাৰাম শৰ্মাকে আদি কৰি বৰেণ্য ব্যক্তিসকল আৰু অন্যান্য শুভাকাংক্ষী লোকসকলৰ প্ৰচেষ্টাৰ ফলত ১৯১৫ চনত স্থাপিত এশ দহ বছৰেৰে মহীয়ান অসমীয়া ক্লাবৰ...

আগলৈ পঢ়ক
Literary Meet

অসমীয়া ক্লাবৰ পৰম্পৰাগত বৰ্ষপূৰ্তি অনুষ্ঠান, ২০২৫

৩১ ডিচেম্বৰ, ২০২৫

যোৱা ৩১ ডিচেম্বৰ ২০২৫ তাৰিখে অসমীয়া ক্লাবৰ বালি ৰাম লহকৰ সভাঘৰত তাহানি দিনৰ পৰম্পৰা ৰক্ষা কৰি ক্লাবৰ সদস্যসকল গোট খাই ২০২৫ কেলেণ্ডাৰ বৰ্ষৰ ‘বৰ্ষপূৰ্তি’ অনুষ্ঠানটি পালন কৰে |

আগলৈ পঢ়ক
Literary Meet

দশম বাৰ্ষিক তেজপুৰ চলচ্চিত্ৰ মহোৎসৱ : ২০২৫

২৬ ডিচেম্বৰ, ২০২৫

অসমীয়া ক্লাবৰ ভগ্নী অনুষ্ঠান তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ দ্ৱাৰা দশম বাৰ্ষিক তেজপুৰ চলচ্চিত্ৰ মহোৎসৱটি ২৬ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰ ২০২৫ তাৰিখলৈকে তিনিদিনীয়াকৈ অসমীয়া ক্লাবত অনুষ্ঠিত হৈ যায় |

আগলৈ পঢ়ক
Literary Meet

অসমীয়া ক্লাবৰ সপ্তম বাৰ্ষিক ''ঐতিহ্য পদযাত্ৰা"

২১ ডিচেম্বৰ, ২০২৫

যোৱা ২১ ডিচেম্বৰ ২০২৫ তাৰিখে অসমীয়া ক্লাবে তেজপুৰৰ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলক চহৰখনৰ ঐতিহাসিক স্থানসমূহৰ লগত পৰিচয় কৰাই দিয়াৰ অৰ্থে বিগত বছৰবোৰত অনুষ্ঠিত কৰি অহাৰ দৰে এইবাৰৰ “ঐতিহ্য পদযাত্ৰা”ৰ শুভাৰম্ভ কৰে |

আগলৈ পঢ়ক
Literary Meet

অসমীয়া ক্লাবৰ উদ্যোগত কৰ্মজীৱনৰ মাৰ্গদৰ্শনৰ কৰ্মশালা

২০ ডিচেম্বৰ, ২০২৫

বিগত বছৰবোৰৰ দৰে এইবাৰো অসমীয়া ক্লাবে যোৱা ডিচেম্বৰ মাহৰ ২০ তাৰিখে ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্মজীৱনৰ মাৰ্গদৰ্শনৰ কৰ্মশালাখন তেজপুৰৰ গোতলং পি এম শ্ৰী সুৰ্যোদয় উচ্চ ইংৰাজী বিদ্য়ালয়ত অনুষ্ঠিত কৰে | এই কৰ্মশালাখনত নৱম অৰু দশম শ্ৰেণীৰ মুঠ ৪৫ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে |

আগলৈ পঢ়ক
Literary Meet

সাহিত্যকাণ্ডাৰীৰ ১৫৪তম জন্মজয়ন্তীত বক্তৃতানুষ্ঠান

১৬ ডিচেম্বৰ, ২০২৫

প্ৰথমটো ‘পদ্মনাথ গোহাঞিবৰুৱা বঁটা’ প্ৰদান আৰু তেখেতৰ প্ৰথম পূৰ্ণাৱয়ব প্ৰতিচ্ছবিৰ উন্মোচন

যোৱা ১৬ ডিচেম্বৰ ২০২৫ তাৰিখে সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ ১৫৪ বাৰ্ষিক জন্ম দিৱসটি বিগত কেইবছৰৰ দৰে তেজপুৰৰ ছটা অগ্ৰণী অনুষ্ঠানৰ সহযোগত অসমীয়া ক্লাবৰ বালি ৰাম লহকৰ সভাঘৰত অনুষ্ঠিত হৈ যায় |

আগলৈ পঢ়ক
Literary Meet

অসমীয়া ক্লাবৰ উদ্যোগত ৰচনা প্ৰতিযোগিতা

১৩ ডিচেম্বৰ, ২০২৫

যোৱা ১৩ ডিচেম্বৰ ২০২৫ তাৰিখে দিনৰ ১১ বজাৰ পৰা অসমীয়া ক্লাবৰ নগেন্দ্ৰ স্মৃতি ন্য়াসৰ সৌজন্য়ত প্ৰতি বছৰৰ দৰে এইবাৰো মহাপুৰু‌ষ শ্ৰীমন্ত শংকৰদেৱ বিষয়ক এখনি থিতাতে লিখা ৰচনা প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত হৈ যায় |

আগলৈ পঢ়ক
Literary Meet

৫৩ সংখ্যক সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতা

৯ অক্টোবৰ, ২০২৫

যোৱা চেপ্তেম্বৰ মাহৰ ১৮ তাৰিখে আৰম্ভ হোৱা আৰু শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ বাবে স্থগিত ৰখা ৫৩ সংখ্যক সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতাখন পুনৰ ৮ আৰু ৯ অক্টোবৰত তেজপুৰ হেম বৰুৱা হল প্ৰাঙ্গণত সফলভাৱে অনুষ্ঠিত হৈ যায় ৷

আগলৈ পঢ়ক
Literary Meet

সুধাকণ্ঠৰ জন্ম-শতবাৰ্ষিকীত অসমীয়া ক্লাবৰ শ্ৰদ্ধাঞ্জলি

৮ ছেপ্তেম্বৰ, ২০২৫

যোৱা ৮ ছেপ্তেম্বৰ, ২০২৫ তাৰিখে 'সুধাকণ্ঠ' ড: ভূপেন হাজৰিকাদেৱৰ শততম জন্মদিবসত অসমীয়া ক্লাবে বালি ৰাম লহকৰ সভাঘৰত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে বিশ্ববৰেণ্য শিল্পীজনালৈ শ্ৰদ্ধা নিবেদন কৰে ।

আগলৈ পঢ়ক
Literary Meet

অসমীয়া ক্লাবৰ তেজপুৰ কলা-বীথিকাৰ পঞ্চম বাৰ্ষিক যুৱ শিল্পীৰ চিত্ৰ-প্ৰদৰ্শনী

১৮ ছেপ্তেম্বৰ, ২০২৫

শোণিতপুৰ জিলাৰ উদীয়মান চিত্ৰশিল্পীসকলক এখন মঞ্চ দি উৎসাহ যোগোৱাৰ অৰ্থে তেওঁলোকৰ শিল্পকৰ্মেৰে বিগত চাৰি বছৰৰ দৰে এইবাৰো ছেপ্তেম্বৰ মাহৰ তিনি তাৰিখৰ পৰা পাঁচ তাৰিখলৈ অসমীয়া ক্লাবত এখন প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায়।

আগলৈ পঢ়ক
Literary Meet

স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ স্মৃতিত দ্বাদশ সমন্বয় বক্তৃতানুষ্ঠান

২৭ আগষ্ট, ২০২৫

অসমীয়া ক্লাবৰ উদ্যোগত স্বাধীনতা সংগ্রামী ছবিলাল উপাধ্যায়ৰ স্মৃতিত দ্বাদশ সমন্বয় বক্তৃতানুষ্ঠানটি যোৱা ৮ আগষ্টত অনুষ্ঠিত হয়।

আগলৈ পঢ়ক
Literary Meet

৪২তম জিলা ভাৰোত্তোলন প্ৰতিযোগিতা

২৭ আগষ্ট, ২০২৫

অসমীয়া ক্লাবৰ ক্ৰীড়া শাখা, শোণিতপুৰ জিলা ভাৰোত্তোলন সন্থাৰ ৪২তম জিলা ভাৰোত্তোলন প্ৰতিযোগিতাখন যোৱা ২৪ আগষ্ট তাৰিখে অসমীয়া ক্লাব প্ৰাঙ্গণত সফলতাৰে সম্পন্ন হয় । জিলা শৰীৰ চৰ্চা সন্থা তথা জিলা ভাৰোত্তোলন সন্থাৰ পতাকা উত্তোলন কৰে সভাপতিদ্বয় শ্ৰীপঙ্কজ কুমাৰ বৰা আৰু শ্ৰীহিৰণ্য ভূঞাই ।

আগলৈ পঢ়ক
Literary Meet

যোগাসন কৰ্মশালা

৮ আগষ্ট, ২০২৫

শোণিতপুৰ যোগ সন্থাৰ উদ্যোগত, অসমীয়া ক্লাব আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ সহযোগত যোৱা ২৫ জুলাইৰ পৰা অসমীয়া ক্লাবৰ বালি ৰাম লহকৰ সভাগৃহত আৰম্ভ হোৱা যোগাসন প্ৰশিক্ষণ শিবিৰৰ ৩০ জুলাই ২০২৫ তাৰিখে সামৰণি পৰে।

আগলৈ পঢ়ক
Literary Meet

সম্বৰ্দ্ধনা অনুষ্ঠান

০১ আগষ্ট, ২০২৫

আজি ০১ আগষ্ট ২০২৫ তাৰিখে , তেজপুৰৰ এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন মানৱদৰদী ব্যক্তি, অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰতীক‌ ধাৱমান গড়টোৰ স্ৰষ্টা, শতবৰ্ষীয় চৌকৎ আলি ডাঙৰীয়াৰ পৰোৱাস্থিত বাসগৃহত অসমীয়া ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰী পঙ্কজ কুমাৰ বৰাৰ নেতৃত্বত ক্লাবৰ তৰফৰ পৰা এটি প্ৰতিনিধি দলে সাক্ষাৎ কৰি তেখেতক সম্বৰ্দ্ধনা জনায় ।

Literary Meet

ভাৰোত্তোলন প্ৰশিক্ষণ শিবিৰ

২০ জুলাই, ২০২৫

শোনিতপুৰ জিলা ভাৰোত্তোলন সন্থাৰ সৌজন্যত অসমীয়া ক্লাব আৰু জিলা শৰীৰ চৰ্চা সন্থাৰ সহযোগত ভাৰোত্তোলনৰ প্ৰশিক্ষক ধেমাজিৰ শ্ৰীদেবজিত সোনোৱালৰ অধীনত অসমীয়া ক্লাব প্ৰাঙ্গণত হৈ থকা ভাৰোত্তোলন প্ৰশিক্ষণ শিবিৰৰ আজি ২০ জুলাই দেওবাৰে সামৰণি পৰে ৷

আগলৈ পঢ়ক
Literary Meet

কবিতা আবৃত্তিৰ কৰ্মশালা

৮ জুলাই, ২০২৫

অসমীয়া ক্লাবৰ উদ্যোগত আৰু সম্প্ৰীতি মহিলা কাননৰ সহযোগত তেজপুৰৰ সত্য সাই সাধন নিলয়মত যোৱা ৩ জুলাইৰ পৰা আৰম্ভ হোৱা কবিতা আবৃত্তিৰ কৰ্মশালাখনৰ ৮ জুলাই ২০২৫ তাৰিখে সামৰণি পৰে।

আগলৈ পঢ়ক
Literary Meet

সম্বৰ্দ্ধনা অনুষ্ঠান

৩ জুলাই, ২০২৫

৩ জুলাই, ২০২৫ তাৰিখে ৰাজ্যসভাৰ মাননীয় সাংসদ শ্ৰীযুত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াক অসমীয়া ক্লাবৰ তৰফৰ পৰা তেজপুৰৰ আৱৰ্ত ভৱনত সম্বৰ্দ্ধনা জনোৱা হয় ৷

Sports Tournament

সমাজসেৱক যতীন্দ্ৰ নাথ কোঁছদেৱৰ জীৱনীমূলক গ্ৰন্থ উন্মোচন

২৮ জুন, ২০২৫

অসমীয়া ক্লাবৰ প্ৰাক্তন সভাপতি, সমাজসেৱক শ্ৰী যতীন্দ্ৰ নাথ কোঁছদেৱৰ যোৱা ১৬ জুন ২০২৫ তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে।

আগলৈ পঢ়ক
Heritage Preservation Seminar

অসমীয়া ক্লাবত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী

২৫ জুন, ২০২৫

যোৱা ২৫ জুন ২০২৫ তাৰিখে অসমীয়া ক্লাবৰ কাৰ্য্যালয় কক্ষত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, ক্লাবৰ সভাপতি, সম্পাদক আৰু অন্যান্যসকল।

আগলৈ পঢ়ক
Youth Leadership Workshop

ঊষানগৰীত কবিতাৰ এসন্ধ্যা

১২ জুন, ২০২৫

যোৱা ১২/০৬/২০২৫ তাৰিখ বৃহস্পতিবাৰে অসমীয়া ক্লাবৰ উদ্যোগত আৰু গুৱাহাটীৰ কবিতা আবৃত্তিৰ এটি অনুষ্ঠান 'পাভদ্ৰা'ৰ সহযোগত যথেষ্ট সংখ্যক কবিতা অনুৰাগী দৰ্শকৰ উপস্থিতিত 'কাব্যনিনাদ - ঊষানগৰীত কবিতাৰ এসন্ধ্যা' শীৰ্ষক এটি মনোজ্ঞ কবিতা আবৃত্তিৰ অনুষ্ঠান সুন্দৰভাবে অনুষ্ঠিত হৈ যায়।

আগলৈ পঢ়ক
Community Service Day

বিশ্ব পৰিৱেশ দিৱস

৫ জুন, ২০২৫

ইং ৫ জুন ২০২৫ তাৰিখে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তেজপুৰৰ শোণিতপুৰ বিদ্যা নিকেতন প্ৰাঙ্গণত অসমীয়া ক্লাব, তেজপুৰৰ উদ্যোগত এক বৃক্ষৰোপণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।

আগলৈ পঢ়ক
Annual Cultural Festival

বাণিজ্য দিৱস

৩০ মে, ২০২৫

অসমৰ ব্যৱসায়-বাণিজ্যৰ অন্যতম পথিকৃৎ সদাগৰ ভোলানাথ বৰুৱাৰ মৃত্যুৰ দিনটো ৰাজ্যৰ বিভিন্ন ঠাইত 'বাণিজ্য দিৱস' হিচাপে পালন কৰা হৈ আহিছে। যোৱা ৩০ মে' ২০২৫ তাৰিখে অসমীয়া ক্লাবতো এই দিৱস পালন কৰা হয়।

আগলৈ পঢ়ক