অসমীয়া ক্লাব

অসমীয়া ক্লাব,তেজপুৰৰ আন্তৰ্জাতিক নাৰী দিৱস ২০২৬ উদযাপন

৮ মাৰ্চ, ২০২৬

শতায়ু গৰকা তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবে বিগত বছৰ সমূহৰ দৰে ,এইবেলিও ৮ মাৰ্চ-২০২৬ ৰ দেওবাৰৰ দিনা বিয়লিবেলা ঠিক ৪:৩০ বজাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱসটি উদযাপন কৰে ৷

ক্লাবৰ সভাপতি অৰুণা দেৱী আৰু সম্পাদক অনু দেৱী মহন্তৰ সহযোগত নাৰী দিৱস উদযাপন সমিতিৰ আহ্বায়ক সুৱৰ্ণ ভূঞাৰ কষ্টসাধ্য প্ৰচেষ্টাত নাৰী দিৱসটি সফলতাৰে সমাপ্তি ঘটে ৷

অনুষ্ঠানৰ শীৰ্ষ গীতেৰে সভাখনৰ শুভাৰম্ভ হোৱাৰ পিচত, সভাপতি অৰুণা দেৱীয়ে আদৰণি ভাষণ ৰাখে ৷ তাৰ পিচতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কন্ঠৰ,পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটি গীতৰ সমবেত কন্ঠত ক্লাবৰ সদস্য-সদস্যা সকলে সুধাকণ্ঠক স্মৰণ কৰে ৷

এইবছৰৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল তেজপুৰ তথা শোণিতপুৰৰ তিনিগৰাকী ভিন্ন দিশৰ সবল নাৰী প্ৰতিভাৰ স্বীকৃতি প্ৰদানৰ কাৰ্য্যসূচী ৷ ৰাষ্ট্ৰীয় ভেটাৰ্ণ খেলুৱৈ,সমাজকৰ্মী,দুৰ্দান্ত সাহসী নাৰী শ্ৰীযুতা মিনুমা বড়ো, প্ৰায় এহেজাৰ মহিলা কৃষকক স্বাৱলম্বিতাৰ পথ দেখুওৱা কৃষি উদ্যোগী মহিলা শ্ৰীযুতা কমল কুমাৰী বড়োৰ সম্বৰ্ধনা ; আৰু সত্ৰীয়া সংগীতৰ সংগীতাচাৰ্য্য তথা কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা ছিনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ প্ৰাপক অনাতাঁৰ শিল্পী শ্ৰীযুতা কৰবী শইকীয়াৰ নিৰ্দিষ্ট ভাষণ স্মৰণযোগ্য আছিল

উদীয়মান নৃত্য শিল্পী কৃশাঙ্গী কাশ্যপৰ দৃষ্টিনন্দন নৃত্য পৰিৱেশনৰ পিচতে, ক্লাবৰ দ্বাৰা পৰিচালিত 'নগেন্দ্ৰ স্মৃতি ন্যাস'ৰ সৌজন্যত অনুষ্ঠিত শংকৰদেৱ বিষয়ক ৰচনা প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় ৷ আহ্বায়ক সুৱৰ্ণ ভূঞাই সভাখনৰ আঁত ধৰে ৷ উপ সভাপতি পংকজ বৰাৰ শলাগৰ শৰাই আৰু শেষত জাতীয় সংগীতেৰে অসমীয়া ক্লাবৰ,'বালি ৰাম লহকৰ সভাগৃহ'ত অনুষ্ঠিত ৮ মাৰ্চ ২০২৬ বৰ্ষৰ সৌষ্ঠৱপূৰ্ণ নাৰী দিৱসৰ সামৰণি পৰে |

(বাতৰিটো যুগুতাইছে অলক শৰ্মাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

অসমীয়া ক্লাবৰ ঐতিহ্য ভৱনৰ পুনৰোন্মোচন আৰু স্থানান্তৰিত শতাব্দী স্তম্ভ উন্মোচন

প্ৰকাশিত: ১৪ জানুৱাৰী, ২০২৬

সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ অহোপুৰুষাৰ্থ আৰু হৰিবিলাস আগৰৱালা, ভবানীচৰণ ভট্টাচাৰ্য, বেথাৰাম শৰ্মাকে আদি কৰি বৰেণ্য ব্যক্তিসকল আৰু অন্যান্য শুভাকাংক্ষী লোকসকলৰ প্ৰচেষ্টাৰ ফলত ১৯১৫ চনত স্থাপিত এশ দহ বছৰেৰে মহীয়ান অসমীয়া ক্লাবৰ ঐতিহ্য ভৱনটি সংৰক্ষণৰ অৰ্থে পূৰ্বৰ স্থানতে পৰম্পৰাগত পদ্ধতিৰে একে আৰ্হিতে পুনৰ্নিৰ্মাণ কৰি উলিওৱাৰ পিছত যোৱা ১৪ জানুৱাৰী, ২০২৬ তাৰিখে শোণিতপুৰ জিলাৰ প্ৰাক্তন জিলা আয়ুক্ত আৰু বৰ্তমানৰ কামৰূপ জিলাৰ জিলা আয়ুক্ত, দেৱ কুমাৰ মিশ্ৰ ডাঙৰীয়াই উন্মোচন কৰে | অসমীয়া ক্লাবৰ সদস্য পঙ্কজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটি ক্লাবটোৰ প্ৰতীকী গীতেৰে আৰম্ভ কৰাৰ পিছত আদৰণি ভাষণ আগবঢ়ায় ক্লাবৰ সভাপতি অৰুণা দেৱীয়ে | ভাষণ প্ৰসঙ্গত তেখেতে ক্লাবটোৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লোৱা ব্যক্তিসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে মিশ্ৰ ডাঙৰীয়াৰ সু-পৰামৰ্শ আৰু সহায় অবিহনে গৃহটিৰ পুনৰ্নিমাণৰ কাম সম্ভৱ নহ’লহেঁতেন বুলি কৈ তেখেতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে |

ক্লাবৰ সম্পাদক অনু দেৱী মহন্তই গৃহটিৰ পুনৰ্নিৰ্মাণৰ লগতে শতাব্দী স্তম্ভৰ পুনৰ স্থাপনৰ কামখিনি তেজপুৰৰ এগৰাকী যুৱ ব্যৱসায়ী মৃন্ময় কলিতাই কোনো লাভ নোলোৱাকৈ সম্পূৰ্ণ কৰি দিয়াৰ উপৰিও নিজৰ খৰচত অসমীয়া ক্লাব প্ৰাঙ্গণত এটি অনাময় গৃহ নিৰ্মাণ কৰি দিয়াৰ বাবে তেখেতৰ শলাগ লয় | ঐতিহ্য গৃহটিৰ পুনৰোন্মোচন কাৰ্য্যসূচীৰ আগতে জিলা আয়ুক্ত মিশ্ৰ ডাঙৰীয়াক ক্লাবৰ ফালৰপৰা উষ্ম সম্বৰ্দ্ধনা জনোৱা হয় | তেখেতৰ সহধৰ্মিনী সুজাতা মিশ্ৰ ডাঙৰীয়ানী আৰু মৃন্ময় কলিতাকো ক্লাবৰ স্নেহাশিস যঁচা হয় |

তেজপুৰৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী চন্দনা শৰ্মাৰ পৰিচালনাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত মঙ্গলাচৰণৰ মাজতে ঐতিহ্য ভৱনৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি প্ৰৱেশ-পথৰ বাঁহৰ নঙলা খুলি আয়ুক্তগৰাকীয়ে ভৱনটিৰ দ্বাৰ উন্মোচন কৰে | এই কাৰ্য্যত তেখেতক অসমীয়া ক্লাবৰ বিষয়ববীয়াসকলে সঙ্গদান কৰে | ইয়াৰ পিছতে ২০১৫ চনত তদানীন্তন সভাপতি প্ৰয়াত যতীন কোঁছদেৱে উন্মোচন কৰা আৰু পূৰ্বৰ স্থানৰপৰা স্থানান্তৰিত কৰি বৰ্তমানে ঐতিহ্য ভৱনৰ সন্মুখত প্ৰতিষ্ঠা কৰা ‘শতাব্দী-স্তম্ভ’টি জিলা আয়ুক্তগৰাকীয়ে কোঁছদেৱৰ পত্নী মুনমী কোঁছ ডাঙৰীয়ানীৰ সহযোগিতাৰে পুনৰোন্মোচন কৰে |

উদ্বোধনী ভাষণত মিশ্ৰদেৱে তেখেতৰ ছাত্ৰজীৱনত তেজপুৰলৈ আহোঁতে কৌতুহলপূৰ্ণ দৃষ্টিৰে দেখি অহা অসমীয়া ক্লাব ভৱনটিৰ পুনৰ্নিৰ্মাণৰ ক্ষেত্ৰত জড়িত হ’বলৈ পাই তেখেতৰ মনত সৃষ্টি হোৱা আনন্দৰ কথা ব্যক্ত কৰে | অসমীয়া ক্লাবৰ আত্মা বিস্তৃত বুলি কোৱাৰ লগতে তেখেতে শতবৰ্ষ পাৰ কৰা এই ক্লাবটি কেৱল তেজপুৰৰে নহয়, অসমৰ স্বাভিমান বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে |

সমজুৱাৰ একাষাৰত তেজপুৰৰ এগৰাকী বিদূষী সমাজকৰ্মী শ্ৰীযুতা মিনাক্ষী ভূঞা ডাঙৰীয়ানীয়ে অসমীয়া ক্লাবৰ সৈতে জড়িত তেখেতৰ সৰুকালৰ স্মৃতি স্মৰণ কৰি ঐতিহ্য-গৃহটি পুনৰনিৰ্মাণ কৰি উলিওৱাৰ বাবে ক্লাবৰ শলাগ লয় |

অসমীয়াৰ তিনি বিহুৰ অন্যতম, ভোগালী বিহুৰ দিনা সম্পন্ন হোৱা অনুষ্ঠানটোৰ সামৰণিত অসমীয়া ক্লাবৰ কাৰ্য্যালয় সম্পাদক শ্ৰীভূপেন শৰ্মাদেৱে শলাগৰ শৰাই আগবঢ়ায় | ইয়াৰ পিছতে বিহুৰ জা-জলপানেৰে উপস্থিত সকলোকে আপ্যায়িত কৰা হয় |

স্মৰণীয় উক্ত দিনটোত সন্ধিয়া ঐতিহ্যগৃহ-প্ৰাঙ্গনত সদস্যসকলে ক্লাবটোৱে পাৰ কৰি অহা এশ দহ বছৰৰ লগত সঙ্গতি ৰাখি ১১০গছি বন্তি প্ৰজ্বলন কৰে |

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

অসমীয়া ক্লাবৰ পৰম্পৰাগত বৰ্ষপূৰ্তি অনুষ্ঠান, ২০২৫

প্ৰকাশিত: ৩১ ডিচেম্বৰ, ২০২৫

যোৱা ৩১ ডিচেম্বৰ ২০২৫ তাৰিখে অসমীয়া ক্লাবৰ বালি ৰাম লহকৰ সভাঘৰত তাহানি দিনৰ পৰম্পৰা ৰক্ষা কৰি ক্লাবৰ সদস্যসকল গোট খাই ২০২৫ কেলেণ্ডাৰ বৰ্ষৰ ‘বৰ্ষপূৰ্তি’ অনুষ্ঠানটি পালন কৰে | সভাৰ আৰম্ভণিতে বছৰটোত আমাৰ মাজৰ পৰা কায়িকভাবে আঁতৰি যোৱা ‘গুণাকৰ’ চৌকত আলী, বিশিষ্ট শিল্পী জুবিন গাৰ্গ, বাঁহীবাদক দীপক শৰ্মা, নাট্যকাৰ আৰু সংগীতশিল্পী চৈয়দ ছাদুল্লাকে আদি কৰি সমাজলৈ বিশেষ অৱদান আগবঢ়াই যোৱা ব্যক্তিসকলৰ সোঁৱৰণত এক মিনিট সময় মৌনতা অৱলম্বনেৰে তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰা হয় | ক্লাবৰ সভাপতি অৰুণা দেৱী, উপ-সভাপতিদ্ৱয় পঙ্কজ বৰা আৰু ডঃ সুচিত্ৰা দেৱী, উপদেষ্টা ডঃ অৱনী শৰ্মাকে ধৰি বহুকেইগৰাকী কৰ্মকৰ্তা, জ্যেষ্ঠ আৰু কনিষ্ঠ সদস্য উপস্থিত থকা অনুষ্ঠানটি কেইবাটাও চমু অথচ উপভোগ্য কাৰ্য্যসূচীৰে মুখৰিত হৈ উঠিছিল | চাহ আৰু পিঠা-পনাৰ আপ্য়ায়নৰ মাজতে বুদ্ধিদীপ্ত হাঁহি-ধেমালি, কথা-বাৰ্তা, কবিতা আবৃত্তিৰ উপৰিও ক্লাবৰ সদস্যসকলে পাৰ হৈ যোৱা বছৰটোত লাভ কৰা যোগাত্মক অভিজ্ঞতাসমূহৰ চমু অথচ সৰস বিৱৰণ দাঙি ধৰা এই উপভোগ্য অনুষ্ঠানটিৰ আঁত ধৰিছিল সভাপতি অৰুণা দেৱীয়ে | সেইদিনাৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট কবি, সুগায়ক স্ৱপন মজুমদাৰে গীত পৰিৱেশন কৰি সকলোকে আনন্দিত কৰে | অনুষ্ঠানটিৰ সামৰণিত সভাপতি অৰুণা দেৱীয়ে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় তদন্ত আৰু উচিত বিচাৰ সম্পৰ্কে আইনৰ বিভিন্ন দিশৰ বিষয়ে উপস্থিত সমজুৱাসকলক অৱগত কৰে | আগন্তুক নৱ-বৰ্ষৰ শুভেচ্ছাৰ পৰস্পৰিক আদান-প্ৰদানৰ মাজেৰে অনুষ্ঠানটি সমাপ্ত হয় |

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

দশম বাৰ্ষিক তেজপুৰ চলচ্চিত্ৰ মহোৎসৱ : ২০২৫

প্ৰকাশিত: ২৬ ডিচেম্বৰ, ২০২৫

অসমীয়া ক্লাবৰ ভগ্নী অনুষ্ঠান তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ দ্ৱাৰা দশম বাৰ্ষিক তেজপুৰ চলচ্চিত্ৰ মহোৎসৱটি ২৬ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰ ২০২৫ তাৰিখলৈকে তিনিদিনীয়াকৈ অসমীয়া ক্লাবত অনুষ্ঠিত হৈ যায় | অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ আৰু মঞ্চাভিনেত্ৰী বৰষাৰাণী বিষয়াই বন্তি প্ৰজ্ৱলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে | বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে ভাষণ প্ৰসঙ্গত কয় যে শিল্পকলাৰ ক্ষেত্ৰখনত জড়িতসকলে সামাজিক দায়বদ্ধতাৰ পৰিচয় দি অসমীয়া ভাষা আৰু সংস্কৃতিৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে আত্মোৎসৰ্গ কৰিব লাগিব | ইয়াৰ আগতে অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীয়ে সদ্যপ্ৰয়াত জুবিন গাৰ্গ, চৌকত আলী, দীপক শৰ্মা, চৈয়দ চাদুল্লা আদি বৰেণ্য শিল্পীসকলৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে | শুভাৰম্ভণি অনুষ্ঠানটিৰ উদ্ৱোধক, অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ প্ৰতি তেখেতে আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন কৰি মন্তব্য কৰে যে এখন ভাল সমাজ সৃষ্টি হ’বলৈ তেজপুৰ চলচ্চিত্ৰ মঞ্চই কৰি অহাৰ দৰে অনুষ্ঠানৰ প্ৰয়োজন আছে | চলচ্চিত্ৰ মঞ্চটিৰ সম্পাদক, বিশিষ্ট অভিনেতা অৰুণ নাথে দৰ্শকক জনায় যে অসমৰ কেইবাগৰাকীও বিশিষ্ট শিল্পীৰ প্ৰায় একেসময়তে হোৱা মৃত্যুৱে কঢ়িয়াই অনা সাম্প্ৰতিক বেদনাগধুৰ পৰিৱেশৰ বাবে পূৰ্বৰ উৎসৱমুখিতা আৰু বাহুল্য বৰ্জন কৰি মাত্ৰ তিনিখন ছবিৰ প্ৰদৰ্শনেৰে এইবাৰৰ মহোৎসৱটি ৰূপায়ণ কৰা হৈছে | তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতিয়েও এই অনুষ্ঠানত এটি চমু ভাষণ প্ৰদান কৰে | অনুষ্ঠানটোৰ আঁত ধৰিছিল অসমীয়া ক্লাবৰ সহকাৰী সম্পাদক তথা বিশিষ্ট অভিনেতা ভূপেন শৰ্মাই |

এইবাৰৰ মহোৎসৱটিত প্ৰদৰ্শিত হোৱা বোলছবি তিনিখন আছিল ক্ৰমে, ২৬ ডিচেম্বৰ তাৰিখে মৃণাল ডেকাৰ দ্ৱাৰা পৰিচালিত অসমীয়া কমেডী ছবি ‘মালামাল বয়জ’; ২৭ তাৰিখে অসমীয়া বোলছবি ‘তমস্ৱিনী’ আৰু শেষৰ দিনা হিন্দী ভাষাত নিৰ্মিত বোলছবি ‘কান্তাৰা -২’| ‘তমস্ৱিনী’ আৰু ‘কান্তাৰা -২’ছবিদুখনৰ পৰিচালকদ্ৱয় আছিল যথাক্ৰমে, হেমন্ত কুমাৰ দাস আৰু ঋষভ চেট্টি |

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

অসমীয়া ক্লাবৰ সপ্তম বাৰ্ষিক “ঐতিহ্য পদযাত্ৰা”

প্ৰকাশিত: ২১ ডিচেম্বৰ, ২০২৫

যোৱা ২১ ডিচেম্বৰ ২০২৫ তাৰিখে অসমীয়া ক্লাবে তেজপুৰৰ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলক চহৰখনৰ ঐতিহাসিক স্থানসমূহৰ লগত পৰিচয় কৰাই দিয়াৰ অৰ্থে বিগত বছৰবোৰত অনুষ্ঠিত কৰি অহাৰ দৰে এইবাৰৰ “ঐতিহ্য পদযাত্ৰা”ৰ শুভাৰম্ভ কৰে | এই পদযাত্ৰাত তেজপুৰৰ সূৰ্য্যোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে | বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতিয়ে পতাকা জোকাৰি আনুষ্ঠানিকভাবে পদযাত্ৰা আৰম্ভ কৰাৰ আগতে অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত পদযাত্ৰাৰ উদ্ৱোধক পদ্মপতিদেৱে ভাষণ প্ৰসঙ্গত কয় যে অসমীয়া ক্লাবৰ এই পদক্ষেপে উঠি অহা প্ৰজন্মক তেজপুৰৰ ইতিহাস সম্পৰ্কে অৱগত হোৱাত সহায় কৰাৰ উপৰিও নিজৰ ঠাইখনক ভাল পাবলৈ শিকাব | ক্লাবৰ সভাপতি অৰুণা দেৱীয়ে ক্লাবৰ কৰ্মকৰ্তা আৰু সদস্যসকলৰ লগতে শিক্ষাৰ্থীসকল উপস্থিত থকা এই সভাত ঐতিহ্য পদযাত্ৰাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে অসমীয়া ক্লাবৰ ইতিহাসৰ এক চমু বিৱৰণ দাঙি ধৰে | ক্লাবৰ সহকাৰী সম্পাদক ভূপেন শৰ্মাই শিক্ষাৰ্থীসকলক ক্লাবৰ ঐতিহ্য ভৱনত থকা বিশিষ্ট ব্যক্তিসকলৰ প্ৰতিচ্ছবিসমূহৰ লগত পৰিচয় কৰাই দিয়ে |

১৯১৫ চনত স্থাপন হোৱা অসমীয়া ক্লাবৰ উপৰিও এই বছৰৰ ঐতিহ্য পদযাত্ৰাত শিক্ষাৰ্থীসকলে পৰিদৰ্শন কৰা স্থানসমূহ আছিল তেজপুৰ চৰকাৰী মজলীয়া বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ জিলা সংগ্ৰহালয়, হেম বৰুৱা ভৱন, পকী (জ্যোতি ভাৰতী), বৰগোলা, গড়কাপ্তানি বিভাগৰ পুৰণি ঘৰটো, তেজপুৰ পৌৰসভা, উত্তৰ অসম কমিছ্নাৰৰ কাৰ্য্যালয়, জোনাকী চিনেমা, কাৰ মেম’ৰিয়েল প্ৰাথমিক বিদ্যালয়, এপিফেনী চাৰ্চ, তেজপুৰ ষ্টেচন ক্লাব ইত্যাদি | এইবাৰৰ ঐতিহ্য পদযাত্ৰাৰ তদাৰকৰ দায়িত্ৱত অছিল সত্যদেৱ শৰ্মা আৰু পথ-নিৰ্দেশিকা হিচাপে আছিল ধৰিত্ৰী শ্ৰাৱণ আৰু লয়শ্ৰী মহন্ত |

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

অসমীয়া ক্লাবৰ উদ্যোগত কৰ্মজীৱনৰ মাৰ্গদৰ্শনৰ কৰ্মশালা

প্ৰকাশিত: ২০ ডিচেম্বৰ, ২০২৫

বিগত বছৰবোৰৰ দৰে এইবাৰো অসমীয়া ক্লাবে যোৱা ডিচেম্বৰ মাহৰ ২০ তাৰিখে ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্মজীৱনৰ মাৰ্গদৰ্শনৰ কৰ্মশালাখন তেজপুৰৰ গোতলং পি এম শ্ৰী সুৰ্যোদয় উচ্চ ইংৰাজী বিদ্য়ালয়ত অনুষ্ঠিত কৰে | এই কৰ্মশালাখনত নৱম অৰু দশম শ্ৰেণীৰ মুঠ ৪৫ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে |

অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীয়ে ক্লাবৰ চমু আভাস দাঙি ধৰি এই কৰ্মশালা সমাজৰ স্বাৰ্থত ক্লাবে কৰা এক কাৰ্য্য বুলি উল্লেখ কৰে | ক্লাবৰ তৰফৰ পৰা সভাপতিয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল বৰুৱাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় | কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশ লয় তেজপুৰ বিশ্ববিদ্য়ালয়ৰ অধ্যাপক ড.মৃন্ময় কুমাৰ শৰ্মা, তেজপুৰ বিশ্ববিদ্য়ালয়ৰ প্ৰাক্তন ক্ৰীড়া বিষয়া পংকজ কুমাৰ বৰা আৰু বেছেৰীয়া ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক উৎপল বৰাই | সভাখনৰ আঁত ধৰে অসমীয়া ক্লাবৰ জ্যেষ্ঠ সদস্য ভূপেন শৰ্মাই |

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

সাহিত্যকাণ্ডাৰীৰ ১৫৪তম জন্মজয়ন্তীত বক্তৃতানুষ্ঠান

প্ৰকাশিত: ১৬ ডিচেম্বৰ, ২০২৫

প্ৰথমটো ‘পদ্মনাথ গোহাঞিবৰুৱা বঁটা’ প্ৰদান আৰু তেখেতৰ প্ৰথম পূৰ্ণাৱয়ব প্ৰতিচ্ছবিৰ উন্মোচন

যোৱা ১৬ ডিচেম্বৰ ২০২৫ তাৰিখে সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ ১৫৪ বাৰ্ষিক জন্ম দিৱসটি বিগত কেইবছৰৰ দৰে তেজপুৰৰ ছটা অগ্ৰণী অনুষ্ঠানৰ সহযোগত অসমীয়া ক্লাবৰ বালি ৰাম লহকৰ সভাঘৰত অনুষ্ঠিত হৈ যায় | অসমীয়া ক্লাবৰ বাহিৰে আন সহযোগী অনুষ্ঠানসমূহ আছিল বাণ থিয়েটাৰ, তেজপুৰ সাহিত্য সভা, অসমীয়া ভাষা উন্নতি সাধিনী সভা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰ শাখা আৰু পদ্মনাথ গোহাঞিবৰুৱা শাখা সাহিত্য সভা |

সাহিত্যকাণ্ডাৰী বিৰচিত আৰু সঞ্জয় গোহাঞিবৰুৱাৰ দ্বাৰা পৰিচালিত এটি সমবেত গীতেৰে আৰম্ভ হোৱা সভাখনত আদৰণী ভাষণ প্ৰদান কৰে অসমীয়া ক্লাবৰ সভাপতি শ্ৰীমতী অৰুণা দেৱীয়ে | ভাষণ প্ৰসঙ্গত তেখেতে সংস্কৃতি, নাটক, ক্ৰীড়া, সমাজ-সংগঠন আদিৰ ক্ষেত্ৰত ৰাজ্যখনলৈ বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিলৈ সাহিত্যকাণ্ডাৰীৰ নামত চলিত বৰ্ষৰ পৰা প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে ‘পদ্মনাথ গোহাঞিবৰুৱা বঁটা’ আগবঢ়াবলৈ অসমীয়া ক্লাবে ইতিমধ্যে লোৱা সিদ্ধান্তৰ কথা প্ৰকাশ কৰি চলিত বৰ্ষত এই বঁটাটি ‘অৰ্জুন’ সন্মানেৰে সন্মানিত বৰ্ষীয়ান আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাদেৱলৈ এই সভাতে প্ৰদান কৰাৰ কথা ঘোষণা কৰে |

ক্লাবৰ সম্পাদক অনু দেৱী মহন্তই বিশিষ্ট ক্ৰীড়াবিদগৰাকীৰ চমু পৰিচয় দাঙি ধৰাৰ পিচত জনপূৰ্ণ সভাকক্ষত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত ক্লাবৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকলে তেখেতক বঁটাটি প্ৰদান কৰে | সম্বৰ্দ্ধনাপত্ৰ আৰু অঙ্গবস্ত্ৰৰ উপৰিও এই বঁটাত আছিল এটি স্মাৰক, জাপি, শৰাই আৰু পঞ্চাশ হাজাৰ টকাৰ এখন চে’ক | এই সভাত সহযোগী অনুষ্ঠানকেইটাৰ উপৰিও তেজপুৰৰ একুৰিৰো অধিক সংগঠন আৰু ব্যক্তিবিশেষে বঁটাপ্ৰাপক বৰুৱাদেৱক বিপুলভাবে সম্বৰ্দ্ধনা জনায় | সম্বৰ্দ্ধনা গ্ৰহণ কৰি বয়োজ্যেষ্ঠ ক্ৰীড়াবিদগৰাকী কিছু পৰিমাণে আৱেগিক হৈ পৰে | চমু ভাষণত বৰুৱাদেৱে কয় যে এতিয়াও তেখেতে যুৱ-প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিবলৈ সাজু আছে | অশীতিপৰ বৰুৱাদেৱে উপস্থিত সমজুৱাৰ অনুৰোধত এফাকি বিহুনাম গাই সভাঘৰ মুখৰ কৰি তোলে |

সিদিনাৰ অনুষ্ঠানটিৰ এক ব্যতিক্ৰমী কাৰ্য্যসূচী আছিল তেজপুৰৰ এগৰাকী বিশিষ্ট চিত্ৰ-ভাস্কৰ্য্যশিল্পী মৃগেন কলিতাই সৃষ্টিমূলক কল্পনাৰে, সাহিত্যকাণ্ডাৰীৰ ব্যক্তিত্ব প্ৰতিফলিত হোৱাকৈ অঙ্কন কৰা অসমৰ প্ৰথমখন পূৰ্ণাবয়ৱ (life-sized) চিত্ৰৰ উন্মোচন | চিত্ৰখন উন্মোচন কৰি ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাদেৱে সাহিত্যকাণ্ডাৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি তৰ্পণৰ কাৰ্য্যসূচী মুকলি কৰে |

সভাখনৰ বিশেষ কাৰ্য্যসূচী আছিল লখিমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ৰাজ্যখনৰ এগৰাকী বিশিষ্ট লেখক ডঃ অৰবিন্দ ৰাজখোৱাৰ দ্বাৰা ‘শিক্ষাবিদ হিচাপে পদ্মনাথ গোহাঞিবৰুৱাৰ অৱদান’ শীৰ্ষক এক মনোজ্ঞ ভাষণ | ভাষণৰ পূৰ্বে ৰাজখোৱাদেৱৰ জীৱন আৰু কৃতী সম্পৰ্কে এক পৰিচয়াত্মক বিৱৰণ দাঙি ধৰে তেজপুৰ সাহিত্য সভাৰ সম্পাদক ডঃ পল্লৱ ভট্টাচাৰ্য্যই | অসমীয়া ক্লাবৰ উপ-সভাপতি ডঃ সুচিত্ৰা দেৱীয়ে সহযোগী অনুষ্ঠানকেইটাৰ হৈ ৰাজখোৱাদেৱক সম্বৰ্ধনা জ্ঞাপন কৰে | ডঃ ৰাজখোৱাই আগবঢ়োৱা সাৱলীল আৰু তথ্যপূৰ্ণ ভাষণত সাহিত্যকাণ্ডাৰীক আধুনিক অসমৰ প্ৰথমগৰাকী শিক্ষাবিদ বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায় | ডঃ ৰাজখোৱাই প্ৰকাশ কৰে যে ‘শিক্ষাবিধি’ নামৰ পুস্তকখনৰ ৰচনাৰ যোগেদি সাহিত্যকাণ্ডাৰীয়ে নিজকে এজন জাতীয় শিক্ষক ৰূপে প্ৰতিষ্ঠা কৰিছিল | তেখেতে কয় যে অসমীয়া ভাষাত পাঠ্যপুথি ৰচনা কৰিবলৈ ইংৰাজ প্ৰশাসনে লোৱা তৎপৰতাই সাহিত্যিকগৰাকীক অসমীয়া ভাষাত পাঠ্যপুথি ৰচনা কৰিবলৈ অনুপ্ৰেৰণা যোগাইছিল | এই কামত তেখেতে বন্ধু পানীন্দ্ৰ গগৈ আৰু পিচলৈ পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ পৰা বিশেষভাবে সহায় লাভ কৰিছিল | ডঃ ৰাজখোৱাই আৰু কয় যে অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা পদ্মনাথ গোহাঞিবৰুৱাৰ ৰচনাৱলীখনত সাহিত্যিকগৰাকীৰ আটাইখিনি ৰচনা সন্নিৱিষ্ট হোৱা নাই আৰু তাত প্ৰকাশ নোপোৱাকৈ থকা ৰচনাবিলাকেৰে তেখেতৰ ৰচনাৱলীৰ দ্বিতীয় সংকলন এটা প্ৰকাশ কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে | সাহিত্যকাণ্ডাৰীয়ে ৰচনা কৰা ‘দেশী কছৰৎ’ নামৰ কছৰৎ শিক্ষাৰ হাতপুথিখন ইতিমধ্যে পুনৰ্মুদ্ৰন কৰি উলিওৱা হৈছে বুলিও ডঃ ৰাজখোৱাই অৱগত কৰে |

বিশিষ্ট লেখক শান্তনু বৰুৱাৰ দ্বাৰা পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ জীৱনৰ আধাৰত ৰচিত আৰু বিশিষ্ট অভিনেতা ভূপেন শৰ্মা পৰিচালিত এখনি আলেখ্যই উপস্থিত শ্ৰোতা-দৰ্শকৰ সমাদৰ লাভ কৰে | সভাৰ সামৰণিত অসমীয়া ক্লাবৰ উপ-সভাপতি পঙ্কজ বৰাই সকলোলৈ শলাগৰ শৰাই আগবঢ়ায় |

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

অসমীয়া ক্লাবৰ উদ্যোগত ৰচনা প্ৰতিযোগিতা

প্ৰকাশিত: ১৩ ডিচেম্বৰ, ২০২৫

যোৱা ১৩ ডিচেম্বৰ ২০২৫ তাৰিখে দিনৰ ১১ বজাৰ পৰা অসমীয়া ক্লাবৰ নগেন্দ্ৰ স্মৃতি ন্য়াসৰ সৌজন্য়ত প্ৰতি বছৰৰ দৰে এইবাৰো মহাপুৰু‌ষ শ্ৰীমন্ত শংকৰদেৱ বিষয়ক এখনি থিতাতে লিখা ৰচনা প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত হৈ যায় | জিলাখনৰ কেইবাখনো স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন তেজপুৰস্থ শোণিতপুৰ জাতীয় বিদ্য়ালয়ত অনুষ্ঠিত হৈছিল | ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ‘ক’ শাখা আৰু নৱম শ্ৰেণীৰ পৰা দ্ৱাদশ শ্ৰেণীলৈ ‘খ’ শাখাত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাৰ বিজয়ীসকলৰ পুৰস্কাৰসমূহ অহা ৮মাৰ্চ ২০২৫ তাৰিখ দেওবাৰে প্ৰদান কৰা হ’ব |

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

৫৩ সংখ্যক সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতা

প্ৰকাশিত: ২২ অক্টোবৰ, ২০২৫

যোৱা চেপ্তেম্বৰ মাহৰ ১৮ তাৰিখে আৰম্ভ হোৱা আৰু শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ বাবে স্থগিত ৰখা ৫৩ সংখ্যক সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতাখন পুনৰ ৮ আৰু ৯ অক্টোবৰত তেজপুৰ হেম বৰুৱা হল প্ৰাঙ্গণত সফলভাৱে অনুষ্ঠিত হৈ যায় ৷ অসম ভাৰোত্তোলন সন্থাৰ এই প্ৰতিযোগিতাখন শোণিতপুৰ জিলা ভাৰোত্তোলন সন্থাৰ সৌজন্যত অসমীয়া ক্লাব আৰু শোণিতপুৰ জিলা শৰীৰচৰ্চা সন্থাৰ সহযোগত অনুষ্ঠিত হয় ৷
শোণিতপুৰৰ সাংসদ তথা অভ্যৰ্থনা সমিতিৰ সভাপতি শ্ৰী ৰঞ্জিত দত্তই আৰম্ভ কৰা প্ৰতিযোগিতাখনৰ সামৰণি অনুস্থানত মূল বঁটাসমুহ প্ৰদান কৰে ক্ৰমে তেজপুৰ সমষ্টিৰ বিধায়ক শ্ৰী পৃথ্বিৰাজ ৰাভা, শোণিতপুৰ জিলাৰ আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাস,শ্ৰী ভৱজ্যোতি গোস্বামী, অসমীয়া ক্লাবৰ সভাপতি শ্ৰীমতী অৰুণা দেবী,শ্ৰী হিৰণ্য ভূঞা, অসমীয়া ক্লাবৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য শ্ৰী নাৰায়ণ বৰঠাকুৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী মৌচুমী কলিতা, শ্ৰী ৰমেন দত্ত, শ্ৰী শান্তনু গগৈ আৰু শ্ৰী পঙ্কজ কুমাৰ বৰাই৷ প্ৰতিযোগিতা খনৰ লগত সংহতি ৰাখি উলিওৱা স্মৃতিগ্ৰন্থখনি আনুষ্ঠানিক ভাবে উন্মোচন কৰে ন-দুৱাৰ সমষ্টিৰ বিধায়ক শ্ৰী পদ্ম হাজৰিকাই ৷
মহিলা আৰু পুৰুষৰ যুৱ শাখাত শ্ৰেষ্ঠ ভাৰোত্তোলক বঁটা লাভ কৰে ক্ৰমে লুনা সোণোৱাল আৰু টঙ্কেশ্বৰ গগৈয়ে৷ মহিলা আৰু পুৰুষৰ জুনিয়ৰ আৰু চিনিয়ৰ শাখাত দুয়োটা শাখাতে শ্ৰেষ্ঠ ভাৰোত্তোলক বঁটা লাভ কৰে ক্ৰমে আয়চেংফে গগৈ আৰু ৰিকি গগৈয়ে৷ পুৰুষৰ শ্ৰেষ্ঠ দল উপাধি লাভ কৰে চৰাইদেউ দলে আৰু দ্বিতীয় স্থান পায় বিশ্বনাথ দলে৷ মহিলাৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ধেমাজী দলে আৰু দ্বিতীয় স্থান পায় চৰাইদেউ দলে৷ শোণিতপুৰ জিলা দলে ৩ টা সোণ ২টা ৰূপ আৰু ১টা কাঁচৰ পদক লাভ কৰে৷ প্ৰতিযোগিতা খন সুচাৰুৰূপে পৰিচালনা কৰা ৪০ জনীয়া বিচাৰকৰ ভিতৰত শোণিতপুৰৰ পংকজ কুমাৰ বৰা(জুৰি বৰ্ডৰ চেয়াৰমেন), ৰাতুল কুমাৰ দাস, শৰৎ শইকীয়া, দিব্যজ্যোতি দাস, সমিৰণ বৰা,দিবসমণি বৰুৱা, ছায়া বৰুৱা, উপৰ্না ডেকা, বিবোধ ডেকা আৰু অংশুমান দাসও আছিল৷

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

সুধাকণ্ঠৰ জন্ম-শতবাৰ্ষিকীত অসমীয়া ক্লাবৰ শ্ৰদ্ধাঞ্জলি

প্ৰকাশিত: ২৫ ছেপ্তেম্বৰ, ২০২৫

যোৱা ৮ ছেপ্তেম্বৰ, ২০২৫ তাৰিখে 'সুধাকণ্ঠ' ড: ভূপেন হাজৰিকাদেৱৰ শততম জন্মদিবসত অসমীয়া ক্লাবে বালি ৰাম লহকৰ সভাঘৰত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে বিশ্ববৰেণ্য শিল্পীজনালৈ শ্ৰদ্ধা নিবেদন কৰে। শিল্পীগৰাকীৰ জন্ম-শতবৰ্ষৰ আৰম্ভণিৰ এই অনুষ্টুপীয়া অথচ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিৰ প্ৰাৰম্ভতে ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰীপঙ্কজ বৰা, উপ-সভাপতি ড: সুচিত্ৰা দেৱী, উপদেষ্টা শ্ৰীশৈলজা কুমাৰ পদ্মপতিকে আদি কৰি উপস্থিত সদস্যসকলে হাজৰিকাদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে অনুষ্ঠানটিৰ আঁত ধৰোঁতা, বিশিষ্ট অভিনেতা শ্ৰীভূপেন শৰ্মাই অসমৰ এগৰাকী বিশিষ্ট আবৃত্তিকাৰ আৰু শিক্ষাবিদ ড: অমৰজ্যোতি চৌধুৰীয়ে সুধাকণ্ঠক লৈ ৰচনা কৰা 'এটা গান শেষ হ'ল' শীৰ্ষক বিখ্যাত কবিতাটি আবৃত্তি কৰি শিল্পীজনালৈ সন্মান প্ৰদৰ্শন কৰে। অনুষ্ঠানটিত পঙ্কজ বৰা, শৈলজা কুমাৰ পদ্মপতি, গণেশ পৌড়েল, তুলসী বৰুৱা আদি কেইবাগৰাকীও বক্তাই হাজৰিকাদেৱৰ ব্যক্তিত্বৰ বিভিন্ন দিশ আৰু তেখেতৰ লগত ব্যক্তিগত মধুৰ সান্নিধ্য সম্পৰ্কে আলোকপাত কৰে। 'সুধাকণ্ঠ'ৰ মানৱতাবাদী বিখ্যাত গীত 'মানুহে মানুহৰ বাবে' -গীতটো সমৱেতকণ্ঠে গাই অনুষ্ঠানটিৰ সামৰণি পেলোৱা হয়।

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

অসমীয়া ক্লাবৰ তেজপুৰ কলা-বীথিকাৰ পঞ্চম বাৰ্ষিক যুৱ শিল্পীৰ চিত্ৰ-প্ৰদৰ্শনী

প্ৰকাশিত: ১৮ ছেপ্তেম্বৰ, ২০২৫

শোণিতপুৰ জিলাৰ উদীয়মান চিত্ৰশিল্পীসকলক এখন মঞ্চ দি উৎসাহ যোগোৱাৰ অৰ্থে তেওঁলোকৰ শিল্পকৰ্মেৰে বিগত চাৰি বছৰৰ দৰে এইবাৰো ছেপ্তেম্বৰ মাহৰ তিনি তাৰিখৰ পৰা পাঁচ তাৰিখলৈ অসমীয়া ক্লাবত এখন প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায়। অসমীয়া ক্লাবৰ অঙ্গ, তেজপুৰ কলা-বীথিকাৰ নৱম প্ৰতিষ্ঠা দিৱস উপলক্ষে কলা-বীথিকাই ক্লাবৰ বালি ৰাম লহকৰ সভাঘৰত অনুষ্ঠিত কৰা তিনিদিনীয়া এই প্ৰদৰ্শনীখন চিত্ৰকলাৰ সম্বন্ধে এটি সাৰুৱা ভাষণেৰে উদ্বোধন কৰে তেজপুৰৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা অসমীয়া ক্লাবৰ উপদেষ্টা শ্ৰীযুত শৈলজা কুমাৰ পদ্মপতিদেৱে। প্ৰদৰ্শনীখন উন্মোচনৰ আগতে তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায় অসমীয়া ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি, বিশিষ্ট শৰীৰ-চৰ্চাবিদ আৰু সংগঠক শ্ৰীযুত পঙ্কজ কুমাৰ বৰাদেৱে। তেজপুৰ কলা-বীথিকাৰ আহ্বায়ক, বিশিষ্ট চিত্ৰ-ভাস্কৰ্য্যশিল্পী শ্ৰীমৃগেন কলিতাৰ নিৰ্দেশনা আৰু তত্বাৱধানত অনুষ্ঠিত জিলা ভিত্তিক এই প্ৰদৰ্শনীখনত বিশ্বনাথ চাৰিআলি, বালিপাৰাকে ধৰি তেজপুৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ষোল্ল বছৰৰ পৰা ত্ৰিশ বছৰ বয়সৰ ভিতৰৰ মুঠ পঁচপন্নগৰাকী যুৱ চিত্ৰকাৰে অঙ্কণ কৰা এশ তিনিখন চিত্ৰ প্ৰদৰ্শিত হয়।
উল্লেখযোগ্য যে তেজপুৰ কলা-বীথিকাৰ এইবাৰৰ প্ৰদৰ্শনীখন সুধাকণ্ঠ ড. ভূপেন হাজৰিকাদেৱৰ সমাগত শতবৰ্ষৰ লগত সংগতি ৰাখি তেখেতৰ নামত উৎসৰ্গা কৰা হয়। এই উপলক্ষে প্ৰদৰ্শনী কক্ষতে শ্ৰীমৃগেন কলিতা আৰু তেজপুৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট চিত্ৰশিল্পী শ্ৰীৰাতুমণি দাসৰ দ্বাৰা অঙ্কিত সুধাকণ্ঠৰ সু-সজ্জিত তিনিখন প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধা তৰ্পণ অনুষ্ঠানেৰে প্ৰদৰ্শনীখনৰ শুভ উদ্বোধন কৰা হয়।
উৎসাহজনক কথা যে এইবাৰৰ প্ৰদৰ্শনীখন যথেষ্ট উন্নত মানদণ্ডৰ হোৱা বুলি চিত্ৰৰসিক দৰ্শকৰ মাজত চৰ্চিত হোৱাটো তেজপুৰৰ চিত্ৰকলাৰ বাবে ইতিবাচক দিশ। প্ৰদৰ্শনীখনৰ যোগদানকাৰী আৰু ছবিৰ সংখ্যায়ো অভিলেখ সৃষ্টি কৰাটো এইবাৰৰ প্ৰদৰ্শনীখনৰ আন এটি উল্লেখনীয় কথা আছিল। যুৱ চিত্ৰশিল্পীসকলৰ চিত্ৰকৰ্মৰ মানৰ ক্ৰমাগত উন্নতিয়ে তেজপুৰৰ চিত্ৰকলাৰ এক আশাপ্ৰদ ভবিষ্যতৰ ইংগিত বহন কৰা পৰিলক্ষিত হৈছে। এইবাৰৰ প্ৰদৰ্শনীত প্ৰতিদিনেই দৰ্শকৰ উপস্থিতি সন্তোষজনক আছিল। ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে প্ৰদৰ্শনীখন উপভোগ কৰি চিত্ৰশিল্পীসকলক উৎসাহ প্ৰদান কৰাত আয়োজকসকল আনন্দিত হয়।
প্ৰদৰ্শনীৰ অন্তত প্ৰতিগৰাকী যোগদানকাৰীকে কলা-বীথিকাৰ তৰফৰ পৰা মানপত্ৰ প্ৰদানেৰে উৎসাহ যোগোৱা হয়। অসমীয়া ক্লাবৰ উপদেষ্টাদ্বয় ড: অৱনী কুমাৰ শৰ্মা আৰু শ্ৰীযুত অশ্বিনী কুমাৰ শৰ্ম্মা, সভাপতি শ্ৰীযুতা অৰুণা দেবী,ভাৰপ্ৰাপ্ত সভাপতি পঙ্কজ বৰা, উপ-সভাপতি ড: সুচিত্ৰা দেবী, সম্পাদক অনু দেৱী মহন্তকে আদি কৰি বিষয়ববীয়াসকল আৰু সদস্যসকল, সংবাদসেৱী পঙ্কজ বৰুৱা আৰু আন সংবাদসেৱীসকলৰ লগতে কলা-বীথিকাৰ সদস্যসকল সৰ্বশ্ৰী ৰাতুমণি দাস, ৰুণাল ৰাজবংশী, মৌচুমী শইকীয়া, ৰেখা বৰা, ৰীতা বৰা আৰু সুৱৰ্ণ ভূঞাৰ উপস্থিতি আৰু সহযোগিতাৰ বাবে আহ্বায়ক মৃগেন কলিতাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

দ্বাদশ সমন্বয় বক্তৃতানুষ্ঠান

প্ৰকাশিত: ২৭ আগষ্ট, ২০২৫

অসমীয়া ক্লাবৰ উদ্যোগত স্বাধীনতা সংগ্রামী ছবিলাল উপাধ্যায়ৰ স্মৃতিত দ্বাদশ সমন্বয় বক্তৃতানুষ্ঠানটি যোৱা ৮ আগষ্টত অনুষ্ঠিত হয়। এই অনুষ্ঠানত “শৈক্ষিক আৰু ভাষিক সমন্বয়ৰ ক্ষেত্ৰত স্বাধীনতা সংগ্রামী ছবিলাল উপাধ্যায়ৰ অৱদান" শীর্ষক বক্তৃতা প্রদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ Mathematics Sciences ৰ অধ্যাপক ডঃ ভীম প্রসাদ শর্মাদেৱে ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে বক্তৃতানুষ্ঠানটি আৰম্ভ কৰে অসমীয়া ক্লাবৰ প্ৰাক্তন সভাপতি ডঃ অৱনী কুমাৰ শৰ্মাদেৱে । তেখেতক সহযোগ কৰে অসমীয়া ক্লাবৰ উপসভাপতি শ্ৰীপংকজ বৰা, ডঃ ভীম প্রসাদ শর্মা আৰু উপস্থিত অন্যান্য ব্যক্তি সকলে । তাৰ পিছতে আদৰণী ভাষণ প্ৰদান কৰে অসমীয়া ক্লাবৰ ভাৰপ্রাপ্ত সভাপতি শ্রীপংকজ বৰা দেৱে । তেখেতে অসমীয়া ক্লাবৰ কাৰ্যাৱলীৰ ওপৰতো আলোকপাত কৰে । এটি নেপালী দলীয় নৃত্য পৰিবেশন কৰা হয় মঞ্জু প্রধানৰ তত্ত্বাবধানত । নৃত্যটিত অংশগ্রহণ কৰে কেইগৰাকীমান শিশু শিল্পীয়ে।
অসমীয়া ক্লাবৰ সম্পাদক শ্ৰীমতী অনু দেবী মহন্তই স্বাধীনতা সংগ্রামী ছবিলাল উপাধ্যায়ৰ ওপৰত আলোকপাত কৰে । উক্ত অনুষ্ঠানত শ্ৰীসুশান্ত কাশ্যপে দেৱকান্ত বৰুৱাৰ কবিতা 'মোৰ দেশ মানুহৰ দেশ' কবিতাটি আবৃত্তি কৰে ।
নিৰ্দ্ধাৰিত বিষয়ৰ ওপৰত বক্তৃতা প্রদান কৰি ডঃ ভীম প্রসাদ শর্মাই ছবিলাল উপাধ্যায়ৰ বৰঙণি উল্লেখ কৰি কয় যে যদি তেখেত নাথাকিলহেতেন, তেতিয়া হয়তো আমি বহুত বঞ্চিত হলোঁহেতেন৷ তেখেত অসমীয়া আৰু নেপালী সম্প্রদায়ৰ মাজত সেতু বন্ধনৰ হোতা আছিল। অসমীয়া ভাষাক নিজৰ ভাষা হিচাবে মান্যতা প্রদান কৰাৰ লগতে শিক্ষাৰ উন্নয়নৰ কাৰণে বিদ্যালয় প্রতিষ্ঠা কৰিছিল। নতুন প্রজন্মই এইজন ব্যক্তিৰ বিষয়ে জানিব লাগে আৰু তেখেতৰ প্রকৃত মূল্যায়ণ কৰিব লাগে বুলি ড০ শমাই মত পোষণ কৰে।
অসমীয়া ক্লাবৰ সহকাৰী সম্পাদক শ্রীনাৰায়ণ বৰঠাকুৰে অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায়। এই অনুষ্ঠানটিৰ আঁত ধৰে যুটীয়া সম্পাদক শ্রী ভূপেন শৰ্মাই ।

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

৪২তম জিলা ভাৰোত্তোলন প্ৰতিযোগিতা

প্ৰকাশিত: ২৭ আগষ্ট, ২০২৫

অসমীয়া ক্লাবৰ ক্ৰীড়া শাখা, শোণিতপুৰ জিলা ভাৰোত্তোলন সন্থাৰ ৪২তম জিলা ভাৰোত্তোলন প্ৰতিযোগিতাখন যোৱা ২৪ আগষ্ট তাৰিখে অসমীয়া ক্লাব প্ৰাঙ্গণত সফলতাৰে সম্পন্ন হয় । জিলা শৰীৰ চৰ্চা সন্থা তথা জিলা ভাৰোত্তোলন সন্থাৰ পতাকা উত্তোলন কৰে সভাপতিদ্বয় শ্ৰীপঙ্কজ কুমাৰ বৰা আৰু শ্ৰীহিৰণ্য ভূঞাই । শোণিতপুৰ জিলাৰ আয়ুক্ত শ্ৰীআনন্দ কুমাৰ দাসে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে। উদ্বোধনী ভাষণত তেখেতে শতবছৰ গৰকা অসমীয়া ক্লাবৰ এনেবোৰ কাৰ্য্যৰ শলাগ লয়। এই অনুষ্ঠানতে অসমীয়া ক্লাবৰ তৰফৰ পৰা জিলা আয়ুক্তগৰাকীক এখনি গামোচা, এখন চেলেং চাদৰ, অসমীয়া ক্লাবৰ স্মাৰক আৰু এটি কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জনায় ক্লাবৰ সম্পাদিকা অনু দেবী মহন্তই । জিলা আয়ুক্তগৰাকীয়ে অসমীয়া ক্লাবৰ ঐতিহ্য গৃহটি আৰু চলচ্চিত্ৰ মঞ্চও পৰিদৰ্শন কৰে । প্ৰতিযোগিতাখনিত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে জিলা ক্ৰীড়া বিষয়া শ্ৰীপ্ৰাঞ্জল দিহিঙীয়া ৷ পুৰুষ আৰু মহিলাৰ যুৱ শাখাত শ্ৰেষ্ঠ ভাৰোত্তোলকৰ স্থান লাভ কৰে ক্ৰমে ফিজিক জিমৰ প্ৰাঞ্জল বৰুৱা আৰু হাৰকুলিয়ান জিমৰ প্ৰাঙ্গণা নাথে ৷ জুনিয়ৰ বিভাগত শ্ৰেষ্ঠ ভাৰোত্তোলকৰ স্থান লাভ কৰে পুৰুষৰ ফিজিক জিমৰ নিতুল প্ৰধান আৰু মহিলাৰ বৃষ্টিৰেখা হাজৰিকা ৷ পুৰুষৰ চিনিয়ৰ শাখাত শ্ৰেষ্ঠ ভাৰোত্তোলকৰ সন্মান লাভ কৰে এচ এম বি জিমৰ চাহাবুল হাচান আৰু মহিলাৰ চিনিয়ৰ শাখাত ময়ুৰী বৰাই ৷ ১৩ বছৰৰ তলৰ লৰাৰ প্ৰথম শাখাত তপন দাস, অৰ্ণব কাকতি আৰু কিশানু কাশ্যপে ক্ৰমে প্ৰথম , দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ৷ দ্বিতীয় শাখাত নিলোৎপল কলিতা প্ৰথম, ৰিয়ান কলিতা দ্বিতীয় আৰু যাদব ডেকাই তৃতীয় স্থান লাভ কৰে ৷ ছোৱালীৰ শাখাত প্ৰথম স্থান পায় নিশি নৃত্যাঙ্গনা আৰু দ্বিতীয় স্থান পায় নৃতাশ্ৰী ডেকাই । প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটাসমুহ প্ৰদান কৰে ক্ৰমে সৰ্বশ্ৰী জীতেন বৰঠাকুৰ, পঙ্কজ কুমাৰ বৰা,হিৰণ্য ভূঞা, অমিয় নাথ, ৰাতুল কুমাৰ দাস, বিবুধ ডেকা, অশ্বিনী শৰ্মা, নীলকান্ত শৰ্মা, নাৰায়ণ বৰঠাকুৰ, সুশোভন গাংগুলীয়ে।
উল্লেখ্য যে অহা ১৮চেপ্টেম্বৰৰ পৰা ২১ চেপ্টেম্বৰলৈ তেজপুৰত অনুষ্ঠিত হ'বলগীয়া ৫৩সংখ্যক সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে শোণিতপুৰ জিলা দল এই প্ৰতিযোগিতাৰ ফলাফলৰ পৰাই নিৰ্বাচন কৰা হ'ব ।

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

যোগাসন কৰ্মশালা

প্ৰকাশিত: ৮ আগষ্ট, ২০২৫

শোণিতপুৰ যোগ সন্থাৰ উদ্যোগত, অসমীয়া ক্লাব আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ সহযোগত যোৱা ২৫ জুলাইৰ পৰা অসমীয়া ক্লাবৰ বালি ৰাম লহকৰ সভাগৃহত আৰম্ভ হোৱা যোগাসন প্ৰশিক্ষণ শিবিৰৰ ৩০ জুলাই ২০২৫ তাৰিখে সামৰণি পৰে। কৰ্মশালাৰ প্ৰথম দিনা শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া শ্ৰী প্ৰাঞ্জল দিহিঙ্গীয়াই বন্তি প্ৰজ্বলন কৰে আৰু শোণিতপুৰ যোগ সন্থাৰ উপদেষ্টা , অসমীয়া ক্লাবৰ উপ-সভাপতি শ্ৰী পঙ্কজ কুমাৰ বৰাই কৰ্মশালা মুকলি কৰে। শোণিতপুৰ যোগ সন্থাৰ সভাপতি শ্ৰী নীলকান্ত শৰ্মাই তেখেতৰ ভাষণত প্ৰশিক্ষাৰ্থীসকলে ভালদৰে প্ৰশিক্ষণ লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ' Yoga for healthy liver' বিষয়ক যোগ, প্ৰাণায়াম আদিৰে মুখ্য প্ৰশিক্ষক শ্ৰীমতী নমিতা লহকৰে প্ৰশিক্ষণ আৰম্ভ কৰে। কৰ্মশালাৰ আনকেইজন‌ প্ৰশিক্ষক আছিল সৰ্বশ্ৰী ৰেখা তামুলী, হীৰামণি কলিতা, উপৰ্ণা ডেকা আৰু ড. মনীষ বৰুৱা। কৰ্মশালাৰ শেষৰ দিনা 'ষটকৰ্ম'ৰ ওপৰত জ্ঞানম ভূঞাই প্ৰশিক্ষণ প্ৰদান কৰে। সামৰণি অনুষ্ঠানত অসমীয়া ক্লাবৰ উপ-সভাপতি ড. সুচিত্ৰা দেবী আৰু উপদেষ্টা ড. অৱনী শৰ্মাই ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত যোগাসন খেলুৱৈ ৰিয়ন কৌশিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ চিন্ময় বৰ্মনে যোগাসনৰ বিভিন্ন কৌশল প্ৰদৰ্শণ কৰে এইবাৰৰ যোগাসন কৰ্মশালাৰ উল্লেখনীয় দিশ আছিল শোণিতপুৰৰ বিভিন্ন মহাবিদ্যালয়ৰ সত্তৰ জন ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় আশীজন প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ। অনুষ্ঠানৰ শেষত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়।

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

ভাৰোত্তোলন প্ৰশিক্ষণ শিবিৰ

প্ৰকাশিত: ২০ জুলাই, ২০২৫

শোনিতপুৰ জিলা ভাৰোত্তোলন সন্থাৰ সৌজন্যত অসমীয়া ক্লাব আৰু জিলা শৰীৰ চৰ্চা সন্থাৰ সহযোগত ভাৰোত্তোলনৰ প্ৰশিক্ষক ধেমাজিৰ শ্ৰীদেবজিত সোনোৱালৰ অধীনত অসমীয়া ক্লাব প্ৰাঙ্গণত হৈ থকা ভাৰোত্তোলন প্ৰশিক্ষণ শিবিৰৰ আজি ২০ জুলাই দেওবাৰে সামৰণি পৰে৷ তদুপলক্ষে বিয়লি ৫বজাত প্ৰশিক্ষণ থলিত হোৱা সামৰনি অনুস্থানত বিশিষ্ট অতিথি হিচাবে অংশ লয় জিলা ক্ৰীড়া বিষয়া শ্ৰী প্ৰাঞ্জল দিহিঙীয়াই৷প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ বিতৰন কৰেে ক্ৰমে শ্ৰীমতী অনু দেবী মহন্ত,শ্ৰী নাৰায়ণ বৰঠাকুৰ,শ্ৰী চিত্তদেব শৰ্মা,শ্ৰী ৰাতুল কুমাৰ দাস আৰু শ্ৰী বিবুধ ভেকায়৷ ৷এই অনুস্থানতে প্ৰশিক্ষক শ্ৰী দেবজিত সোনোৱালক সম্বৰ্ধনা জনোৱা হয় ৷চেপ্তেম্বৰৰ ১৮ তাৰিখৰ পৰা তেজপুৰত হব লগা ৰাজ্যিক ভাৰোত্তোলনৰ প্ৰতি লক্ষ্য ৰাখি আন এগৰাকী প্ৰশিক্ষকৰ অধীনত ২১ তাৰিখৰ পৰা ধাৰাবাহিক ভাবে প্ৰশিক্ষন চলি থাকিব৷

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

কবিতা আবৃত্তিৰ কৰ্মশালা

প্ৰকাশিত: ৮ জুলাই, ২০২৫

অসমীয়া ক্লাবৰ উদ্যোগত আৰু সম্প্ৰীতি মহিলা কাননৰ সহযোগত তেজপুৰৰ সত্য সাই সাধন নিলয়মত যোৱা ৩ জুলাইৰ পৰা আৰম্ভ হোৱা কবিতা আবৃত্তিৰ কৰ্মশালাখনৰ ৮ জুলাই ২০২৫ তাৰিখে সামৰণি পৰে। কৰ্মশালাখনি উদ্বোধন কৰিছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক ড: ভুবনেশ্বৰ চহৰীয়াদেৱে। অসমীয়া ক্লাবৰ কবিতা-আবৃত্তি কৰ্মশালাৰ আহ্বায়ক শ্ৰীমতী ৰুবী বৰা ছাঁত্ৰাৰ লগতে উক্ত ছদিনীয়া কৰ্মশালাখনৰ সমল ব্যক্তিসকল আছিল সৰ্বশ্ৰী ভূপেন শৰ্মা, মৃদুল কুমাৰ চহৰীয়া, অনিল ভট্টাচাৰ্য্য, দিলীপ কুমাৰ বৰুৱা, বনশ্ৰী বৰদলৈ, ধ্ৰুৱজ্যোতি দাস আৰু দেৱব্ৰত শৰ্মা। অসমীয়া ক্লাবৰ বালি ৰাম লহকৰ সভাঘৰত ক্লাবৰ প্ৰতীকী গীতেৰে আৰম্ভ হোৱা সামৰণী অনুষ্ঠানটিত আদৰণী ভাষণ আগবঢ়ায় ক্লাবৰ সভাপতি শ্ৰীমতী অৰুণা দেৱীয়ে। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড: বীৰেন দাসদেৱে মুখ্য অতিথিৰ ভাষণত অসমীয়া ক্লাবৰ এই প্ৰচেষ্টাৰ শলাগ লয় আৰু আবৃত্তি -কলাই ভাষাৰ উচ্চাৰণ শুদ্ধ হোৱাত সহায় কৰে বুলি উল্লেখ কৰে। কৰ্মশালাত প্ৰশিক্ষণ লোৱা শিশু আৰু চেমনীয়াৰ ১২ জনীয়া এটি দলে তিনিটা কবিতা আবৃত্তি কৰে আৰু ১৯ জনীয়া মহিলাৰ এটি দলে আন দুটি কবিতা আবৃত্তি কৰি শ্ৰোতা দৰ্শকৰ সমাদৰ লাভ কৰে। সামৰণী অনুষ্ঠানটিৰ আঁত ধৰে অসমীয়া ক্লাবৰ কাৰ্য্যালয় সম্পাদক,অভিনেতা আৰু আবৃত্তিকাৰ শ্ৰীভূপেন শৰ্মাদেৱে। ক্লাবৰ সভাপতিয়ে শলাগৰ শৰাই আগবঢ়ায় আৰু জাতীয় সংগীতেৰে অনুষ্ঠানটিৰ সামৰণি পৰে।
অসমীয়া ক্লাবে একেলেথাৰিয়ে ১৫ বছৰ ধৰি অনুষ্ঠিত কৰি অহা আবৃত্তি-কৰ্মশালাৰ এইবাৰৰ কৰ্মশালাখনিৰ বিশেষত্ব আছিল শিশু আৰু চেমনীয়াসকলৰ লগতে মহিলাসকলৰো অংশগ্ৰহণ। কৰ্মশালাত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী শিক্ষাৰ্থীকে মানপত্ৰ বিতৰণ কৰা‌ হয়।

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

সমাজসেৱক যতীন্দ্ৰ নাথ কোঁছদেৱৰ জীৱনীমূলক গ্ৰন্থ উন্মোচন

প্ৰকাশিত: ২৮ জুন, ২০২৫

অসমীয়া ক্লাবৰ প্ৰাক্তন সভাপতি, সমাজসেৱক শ্ৰী যতীন্দ্ৰ নাথ কোঁছদেৱৰ যোৱা ১৬ জুন ২০২৫ তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে। আজি ২৮ জুন তাৰিখে আদ্য শ্ৰাদ্ধ উপলক্ষে তেখেতৰ বাসগৃহত অনুষ্ঠিত হোৱা এখন গাম্ভীৰ্য্যপূৰ্ণ সভাত অসমীয়া ক্লাবে প্ৰকাশ কৰা তেখেতৰ জীৱনী-গ্ৰন্থ এখন ক্লাবৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সদস্যসকলৰ সহযোগত তেখেতৰ সহধৰ্মিণী মুনমী কোঁছ ডাঙৰীয়ানীয়ে উন্মোচন কৰে। গ্ৰন্থখন লিখি উলিয়াইছে অসমৰ এগৰাকী বিশিষ্ট গল্পকাৰ তথা শিশু-সাহিত্যিক শ্ৰীযুত দিলীপ কুমাৰ বৰুৱাদেৱে। উল্লেখযোগ্য যে অসমীয়া ক্লাবে প্ৰকাশ কৰি অহা তেজপুৰৰ কৃতী ব্যক্তিসকলৰ সংক্ষিপ্ত জীৱনী 'শোণিত-সুবাস' চিৰিজৰ এইখন ১৯ সংখ্যক গ্ৰন্থ।

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

অসমীয়া ক্লাবত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী

প্ৰকাশিত: ২৫ জুন, ২০২৫

যোৱা ২৫ জুন ২০২৫ তাৰিখে অসমীয়া ক্লাবৰ কাৰ্য্যালয় কক্ষত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, ক্লাবৰ সভাপতি, সম্পাদক আৰু অন্যান্যসকল।

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

ঊষানগৰীত কবিতাৰ এসন্ধ্যা

প্ৰকাশিত: ১২ জুন, ২০২৫

যোৱা ১২/০৬/২০২৫ তাৰিখ বৃহস্পতিবাৰে অসমীয়া ক্লাবৰ উদ্যোগত আৰু গুৱাহাটীৰ কবিতা আবৃত্তিৰ এটি অনুষ্ঠান 'পাভদ্ৰা'ৰ সহযোগত যথেষ্ট সংখ্যক কবিতা অনুৰাগী দৰ্শকৰ উপস্থিতিত 'কাব্যনিনাদ - ঊষানগৰীত কবিতাৰ এসন্ধ্যা' শীৰ্ষক এটি মনোজ্ঞ কবিতা আবৃত্তিৰ অনুষ্ঠান সুন্দৰভাবে অনুষ্ঠিত হৈ যায়। অসমীয়া ক্লাবৰ সম্পাদক শ্ৰীমতী অনু দেৱী মহন্তই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা এই অনুষ্ঠানটিৰ আঁত ধৰে ক্লাবৰ কাৰ্য্যালয় সম্পাদক শ্ৰী ভূপেন শৰ্মাই। অসমৰ এগৰাকী বিশিষ্ট আবৃত্তিকাৰ, কবি , চিত্ৰকাৰ আৰু 'পাভদ্ৰা'-ৰ সঞ্চালক শ্ৰী ভূপেন চক্ৰৱৰ্তী আৰু আন এগৰাকী সঞ্চালক শ্ৰীমতী অমলা চক্ৰৱৰ্তীৰ পৰিচালনাত সমগ্ৰ অনুষ্ঠানটোৱে এক বিশেষ মাত্ৰা লাভ কৰিবলৈ সক্ষম হয়। অসমীয়া ক্লাবৰ কবিতা আবৃত্তি বিভাগৰ আহ্বায়ক ৰুবী বৰা ছাঁত্ৰাৰ লগতে তেজপুৰৰ আন সাতগৰাকী আবৃত্তিকাৰ ,দীপক মহন্ত, ভূপেন শৰ্মা, ধ্ৰুৱজ্যোতি দাস, মৃদুল চহৰীয়া, বনশ্ৰী বৰদলৈ, সুস্মিতা শৰ্মা আৰু সুৱৰ্ণ ভূঞাই চক্ৰৱৰ্তীদেৱৰ ৰচিত আৰু পৰিচালিত এটি ব্যঙ্গ কবিতাৰ আবৃত্তিত অংশগ্ৰহণ কৰাৰ পাছত পাভদ্ৰাৰ সঞ্চালকদ্বয়ে একক আৰু যুটীয়া ভাবে কেইবাটাও কবিতাৰ আবৃত্তিৰে দৰ্শকক মুগ্ধ কৰি ৰাখে। পাভদ্ৰা গুৱাহাটীৰ তিনিগৰাকী সদস্য বৰষা কলিতা, স্মিতা গোস্বামী আৰু অংকিতা গোস্বামীয়ে সুৰীয়া সাংগীতিক লয়েৰে কেইটিমান কবিতা যুটীয়াভাৱে আবৃত্তি কৰে। জ্যোতি, বিষ্ণু, লক্ষ্মীনাথ আৰু অম্বিকাগিৰীৰ কবিতাৰ পংক্তি সংযোজনেৰে চক্ৰৱৰ্তীদেৱে ৰচনা কৰা এটি দীঘলীয়া কবিতাৰ পৰীক্ষামূলক আবৃত্তিত এই তিনিগৰাকী আবৃত্তিকাৰে অংশগ্ৰহণ কৰি কবিতাৰ সন্ধিয়াটি জীপাল কৰি তোলে। অনুষ্ঠানৰ শেষত অসমীয়া ক্লাবৰ তৰফৰ পৰা শ্ৰী ভূপেন শৰ্মাই সকলোলৈকে শলাগৰ শৰাই আগবঢ়ায়।

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

বিশ্ব পৰিৱেশ দিৱস

প্ৰকাশিত: ৫ জুন, ২০২৫

ইং ৫ জুন ২০২৫ তাৰিখে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তেজপুৰৰ শোণিতপুৰ বিদ্যা নিকেতন প্ৰাঙ্গণত অসমীয়া ক্লাব, তেজপুৰৰ উদ্যোগত এক বৃক্ষৰোপণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্য্যসূচীত অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেবী, সম্পাদক অনু দেবী মহন্ত, ক্লাবৰ বিষয়ববীয়া আৰু সদস্যসকলৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰুবী বৰা ছাঁত্ৰা, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে সহযোগিতা আগবঢ়ায়। অনুষ্ঠানটোৰ শেষত অসমীয়া ক্লাবৰ তৰফৰ পৰা সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়।

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক

বাণিজ্য দিৱস উদযাপন

প্ৰকাশিত: ৩০ মে, ২০২৫

অসমৰ ব্যৱসায়-বাণিজ্যৰ অন্যতম পথিকৃৎ সদাগৰ ভোলানাথ বৰুৱাৰ মৃত্যুৰ দিনটো ৰাজ্যৰ বিভিন্ন ঠাইত 'বাণিজ্য দিৱস' হিচাপে পালন কৰা হৈ আহিছে। যোৱা ৩০ মে' ২০২৫ তাৰিখে অসমীয়া ক্লাবতো এই দিৱস পালন কৰা হয় ।

অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়া ক্লাবৰ সম্পাদক শ্ৰীমতী অনু দেবী মহন্তই বৰুৱাদেৱৰ কৰ্মৰাজি আৰু বিভিন্ন দিশত তেখেতৰ অৱদানৰ বিষয়ে চমুকৈ বৰ্ণনা কৰে। ইয়াৰ পিছতে ক্লাবৰ সভাপতি শ্ৰীমতী অৰুণা দেবীয়ে ক্লাবৰ সকলোৰে হৈ 'বাণিজ্য বীৰ'জনাৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি প্ৰজ্বলন কৰে। অসমীয়া ক্লাবৰ উপ-সভাপতি শ্ৰী পঙ্কজ বৰা প্ৰমুখ্যে উপস্থিত সদস্যসকলেও তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ।

(বাতৰিটো যুগুতাইছে সুৱৰ্ণ ভূঞাই)
কাৰ্য্যকলাপৰ তালিকালৈ ঘূৰি যাওক